K.Kallol 2014

মুখ্য পৃষ্ঠা

JG

শাসকৰ প্ৰতি
=======

আপুনি যি ক'ব মই ঠিক
তাকেই কৰিম,
তাকেই শুনিম,
তাকেই খাম,
তাকেই শৰীৰত পিন্ধি পথাৰলৈ গুচি যাম।
মই নিজৰ মাটি এৰি দি গুচি যাম
একো নকোৱাকৈ।
ক'ব গলত ৰঁচি লগাই ওলমি থাকা গোটেই ৰাতি।
তেনেকৈয়ে থাকিম।
মাথোঁ পিছদিনা যেতিয়া ক'ব,
এতিয়া নামি আহা
তেতিয়া কিন্তু মানুহ লাগিব মোক নমাবলৈ
নিজে নিজে নামিব নোৱাৰিম।
এইখিৰি নাইপৰা বুলি অপৰাধ নধৰে যেন!

• মূল: জয় গোস্বামী
• অনুবাদ:
কন্দৰ্পজিৎ কল্লোল


The Soda Pop